Logo
image

কংগ্ৰেছক আক্ৰমণ মন্ত্ৰী অশোল সিংঘালৰঃ "বিজেপিয়ে উন্নয়ন কৰিছে, মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পাতিব লাগে"

শিৱসাগৰৰ পৰা মনোজ কুমাৰ গগৈ, ১২এপ্ৰিলঃ অসম চৰকাৰৰ গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন বিভাগৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালে শিৱসাগৰ নগৰৰ শ্যাম গেষ্ট হাউছত বৃহস্পতিবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা শিৱসাগৰ জিলাৰ ব্যৱসায়ী সমাজৰ এখন সভাত অংশগ্ৰহণ কৰি আগন্তুক যোৰহাট লোকসভা নিৰ্বাচনৰ বিজেপি দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক ভোটদান কৰি জয়যুক্ত কৰিবলৈ আহ্বান জনায়। শিৱসাগৰ নগৰসহ নাজিৰা, শিমলুগুৰি, গৌৰীসাগৰ আদি অঞ্চলৰ প্ৰায় চাৰি শতাধিক ব্যৱসায়ী উপস্থিত থকা সভাত মন্ত্ৰী অশোক সিংঘালে কয়, "বিজেপিৰ বাহিৰে শিৱসাগৰত একো দেখা নাই।" লগতে তেওঁ কয়, "সকলোৰে এটাই চিন্তা মোদীক তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগে। " বৰ্তমানৰ চৰকাৰে কি উন্নয়ন কৰিছে বুলি জানিবলৈ বিচৰাত মন্ত্ৰী সিংঘালে কয়, "আমি উন্নয়ন কৰি আছোঁ। বগীবিল দলং হোৱাৰ বাবে বাণিজ্যিক দৃষ্টিত শিৱসাগৰেও অগ্ৰগতি লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰংঘৰৰ প্ৰকল্পৰ কাম হাতত লৈছে। প্ৰত্যেকজন পৰ্যটক শিৱসাগৰলৈ আহক। এইয়া আমাৰ ইচ্ছা। অসমৰ ইতিহাস শিৱসাগৰলৈ আহি চাওক। আহোম স্বৰ্গদেউ সকলৰ চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাবে গঢ়ি তোলা হৈছে।" 

আনহাতে কংগ্ৰেছ দলক কটাক্ষ কৰি মন্ত্ৰী সিংঘালে কয়, "কংগ্ৰেছ মানে বাকী আৰু ফাঁকি। ৬০ বছৰ কংগ্ৰেছৰ শাসন কালত বাকী আৰু ফাঁকিৰ বাহিৰে একো কৰা নাই। ১৫ বছৰ শাসন কালত এপিএছচি কেলেংকাৰি হ'ল। মেধাসম্পন্ন ল'ৰা-ছোৱালী এপিএছচি চাকৰিৰ পৰা বঞ্চিত হ'ল। ৫০ লাখ, ৬০লাখ, ১ কোটি টকাৰ বিনিময়ত এপিএছচিৰ চাকৰি দিয়া হ'ল। ভাল ভাল ল'ৰা-ছোৱালী অসম এৰি বাহিৰলৈ গুচি গ'ল।" উল্লেখযোগ্য যে মন্ত্ৰী আশোক সিংঘালৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে শিৱদৌললৈ আহি দৌলত সেৱা জনায়।